গেৰেলা আৰু দীঘলা

এদিন গেৰেলা আৰু দীঘলা এঘৰত চুৰ
কৰিবলৈ সোমাল। অলপ ঘুটুং-ঘাটাং শব্দ
হোৱাত গিৰিহঁতে সাৰ পাই মাত লগালে--
 ঃকোন অ' সেইটো ?
 ঃ মি উ উ.. সুৰ লগাই দীঘলাই মেকুৰীৰ
দৰে মাত উলিয়াই উত্তৰ দিলে।
  গিৰিহঁতেও মেকুৰী বুলি ভাবি শুই
থাকিল। পুনৰ গেৰেলাৰ হাতত লাগি
ঘটি এটা পৰাত ঘটংকৈ শব্দ হল।
গিৰিহঁতে পুনৰ মাত লগালে--
 ঃকোন অ' সেইটো ?
সিটো চুৰে এইবাৰ কলে--
 ঃইটো মেকুৰী।
গেৰেলা আৰু দীঘলা গেৰেলা আৰু দীঘলা Reviewed by Assamese jokes for smile on June 27, 2017 Rating: 5

No comments:

Powered by Blogger.