ৰেল চালক

যাত্ৰী ভৰা ৰেল এখন আহি  থাকোঁতে
হথাত চিৰিৰ পৰা নামি যোৱাত যাত্ৰী
বোৰৰ মাজত হাঁহাকাৰ লাগিল। কিছু
দূৰ গৈ নিৰাপদে ৰেলখন ৰোৱাত
যাত্ৰীবোৰে আহি চালকক নানা গালি-
গালাজ কৰি ক'লে, "আপুনি মানুহবোৰ
মাৰিব খুজিছিল নেকি?"
 "নাই নাই আচলতে কি জানে
লাইনৰ ওপৰত এজন মানুহ থিয়
হৈ আছিল। ইমান হৰ্ন বজালোঁ সি
নাঁতৰেহে নাঁতৰে।"
  "সেয়ে হবলা তেওঁক বচাবলৈ গৈ
আপুনি ইমান খিনি মানুহক মাৰিব
খুজিছিল, মানুহজনৰ গাৰ ওপৰেদি ৰেল
চলাই নিদিল কিয়?" - এজনে অলপ খঙেৰে
ক'লে।
  "মইতো তাকে কৰিব বিচাৰিছিলোঁ
মানুহটোৱেটো লাইনৰ পৰা নামি কাষলৈ
দৌৰ মাৰিলে। সেইবাবেই ময়ো নমাই দিবলগীয়া
হ'ল।" -চালক জনে ক'লে।
ৰেল চালক ৰেল চালক Reviewed by Assamese jokes for smile on June 27, 2017 Rating: 5

No comments:

Powered by Blogger.