কাঠৰ বল

এজন ক্ষীণ মীণ গাল সোমাই হনু ওলোৱা মানুহে দাড়ি কাটিবলৈ চেলুনলৈ গ'ল ।
নাপিতে মুখত ক্ৰীম লগোৱাৰ পিছত মানুহজনে ক'লে, "অলপ সাৱধানে কাটিবি । গাল দুখন সুমোৱা বাবে দাড়ি কাটিবলৈ অসুবিধা হয় আৰু প্ৰায়েই গালত কাটে ।"
"আপুনি চিন্তা কৰিব নালাগে।" - এইবুলি কৈ নাপিতজনে এটা কাঠৰ সৰু বল ওলিয়ালে আৰু মানুহজনক ক'লে, "এইটো মুখত ভৰায় লওক । মই যিখন গালৰ ফালে দাড়ি কাটিম আপুনি বলটো সেইফালেই দি দিব ।"
মানুহজনে বলটো মুখত লৈ দাড়ি কটাৰ ফালে দি দিলে আৰু গালখন ফুলি গ'লত নাপিতে অনায়াসে দাড়ি কাটিলে ।এনেতে মানুহজনে সুধিলে - "বলটো যদি পেটলৈ গুচি যায় , তেতিয়া কি হ'ব ?" নাপিতে ক'লে -"একো কথা নাই । কালিলৈ ধুই মেলি ঘূৰাই দিলেই হ'ল । আগতে চাৰিপাঁচজন মানে তেনেকৈয়ে ঘূৰাই দিছে ।"
(সংগ্ৰহ)
(for more jokes visit regularly assamesejokesforsmile.blogspot.com)
কাঠৰ বল কাঠৰ বল Reviewed by Assamese jokes for smile on October 11, 2017 Rating: 5

No comments:

Powered by Blogger.