ছান্টা-বান্টা


ছান্টাৰ পুতেকঃ পাপা, বাটেদি গৈ থাকোতে
ৰাস্তাত এখন ১০ টকীয়া আৰু এখন ৫০ টকীয়া
নোট যদি পৰি থকা পোৱা তেনেহ’লে তুমি কি
নোট বুটলিবা ?
ছান্টাঃ (সঠিক উত্তৰ দিয়াৰ উৎসাহেৰে) ৫০ টকীয়া
খন আকৌ ।
পুতেকঃ (তাচ্ছিল্যৰে) সেই কাৰণেইতো মানুহে
তোমাৰ নামত জ’ক কৰে... দুয়োখন নোটেইতো
তুলি ল’ব পাৰা।

বান্টাক উদ্দেশি অফিচৰ বছঃ মৃত্যুৰ পাছত
জীৱন তুমি বিশ্বাস কৰানে ?
বান্টাঃ নাই একদম নকৰোঁ। এইবোৰ কথাৰ
কোনো প্ৰমাণ নাই।
বছঃ ঠিক কৈছা। কিন্তু কালি তুমি যি জন
খুৰাৰ শ্ৰাদ্ধ বুলি সোন্কালে ঘৰলৈ গৈছিলা,
তেওঁ আজি মোৰ অফিচলৈ আহিচিল।

চাকৰিপ্ৰাৰ্থী ছান্টাৰ প্ৰতি কাৰ্যালয়ৰ মুৰব্বী-
 মুৰব্বীঃ সাঁতুৰিব জানানে?
 ছান্টাঃ নাজানো।
 মুৰব্বীঃ এটা কুকুৰো তোমাতকৈ ভাল, সি
সাঁতুৰিব জানে।
 ছান্টাঃ ছাৰ, আপুনি সাঁতুৰিব জানেনে ?
 মুৰব্বীঃ নিশ্চয় জানো।
 ছান্টাঃ তেনেহ’লে আপোনাৰ আৰু কুকুৰৰ
মাজত পাৰ্থক্য কি?

ছান্টাই নিজৰ দেউতাকৰ সন্মুখতে চিগাৰেট
খাই অছিল নিৰ্বিকাৰভাবে। তাকে দেখি বান্টাই
কলে- ”তই তোৰ দেউতাৰ আগত ছিগাৰেট
খোৱাটো উচিত হোৱা নাই।
 ছান্টাঃ সেয়া মোৰ দেউতেহে, পেট্ৰল পাম্প
নহয়টো।

ছান্টাই আপেল বেচি আছিল।
গ্ৰাহকঃ (আপেল এটা পৰীক্ষা কৰি) ছান্টা ভাই,
আপেলত যদি পোক ওলাই তেতিয়া ?
ছান্টাঃ পোকটোৰ কাৰণে বেলেগ দাম দিব
লাগিব।

ছান্টাঃ ছাৰ্টৰ কাৰণে কাপোৰ দেখুৱাচোন।
দোকানীঃ ছাৰ, প্লেইনত দেখুৱামনে ?
ছান্টাঃ মূৰ্খ ! হেলিকপ্টাৰত দেখুৱাচোন। ধেমালি
কৰিবলৈ আহিছ।

বান্টাঃ (মৰমেৰে) বেটা ! এইটো কি জুইশলা
আনিলি ? এটাও কাঠী নজ্বলে দেখোন।
পুত্ৰঃ (উত্তেজনাৰে) কি কথা কোৱা পাপা
সকলো কাঠী জ্বলাই চে’ক কৰি আনিছোঁ ।

ছান্টাই গাড়ী কিনিবলৈ বুলি গৈ ম’হ এজনীহে
কিনি আনিলে। বান্টাই দেখি সুধিলেঃ ”ছান্টা ভাই,
তই যদি ম’হৰ পিঠিত উঠি বজাৰলৈ যাৱ মানুহে
কি ভাবিব ?
ছান্টাই উত্তৰ দিলেঃ মই যদি গাড়ী এখনৰ পৰা
গাখীৰ খীৰাব বিচাৰোঁ তেতিয়া মানুহে কি ভাবিব !

বান্টাৰ পুত্ৰ ঘন্টাক লৈ তাৰ মাক ডাক্তৰৰ ওচৰ
পালেগৈ।
 মাকঃ ডাক্তৰ ইয়াৰ প্ৰস্ৰাবৰ সমস্যা হৈছে। ভালকৈ
চাই দিয়ক।মোৰ বৰ সমস্যা হৈছে।
 ডাক্তৰঃ কেই বজাত এওঁ প্ৰস্ৰাব কৰে ?
 মাকঃ ৰাতিপুৱা ৭ বজাত।
 ডাক্তৰঃ তেনেহ’লে দেখোন ঠিকেই আছে। সমস্যা
ক’ত ?
 মাকঃ কিন্তু সি ৮ বজাতহে শোৱাৰ পৰা উঠে।

ছান্টা- ভাই বান্টা, চাইকেলখন অলপ দিয়াচোন।
বান্টা- কিয় ?
ছান্টা- অলপ চিনেমা হলৰ পৰা আহোঁ।
বান্টা- ভগবানে ভৰি দুখন কি কৰিবলৈ দিছে ?
ছান্টা- পেডেল মাৰিবলৈ।

ছান্টাঃ আই লাভ ইউ মানে কি ?
ছোৱালীঃ মই তোমাক ভাল পাওঁ।
ছান্টাঃ আৰে! ইংৰাজীত এটা প্ৰশ্ন সুধিবলৈ
পালোঁ কি নাপালোঁ তুমি মোৰ প্ৰেমত পৰিলাই !!

ছান্টাই নিজৰ জোতাযোৰ পলিচ কৰি আছিল।
তাকে দেখি বান্টাই সুধিলে -”তই নিজৰ জোতা
নিজে পলিচ কৰ্ নেকি ?”
 ছান্টাঃ মই নিজৰ জোতা নিজে পলিচ কৰোঁ,
তই কাৰ কৰ্ ?

বান্টাই ৰুটি টুকুৰা এটা নিজে খাইছিল আৰু
এটা টুকুৰা ওচৰতে থকা কুকুৰাটোক খুৱাই
আছিল। বহু দেৰিৰ পৰা ছান্টাই কথাটো লক্ষ্য
কৰি আছিল। এবাৰ আচৰিত হৈ ছান্টাই
সুধিলেঃ এয়া কি কৰি আছ ?
বান্টাঃ নবৰাত্ৰি চলি আছে যে সেয়ে
চিকেনৰ লগত ৰুটি খাইছোঁ।

আমাৰ Android App ডাউনলোদ কৰিবলৈ তলৰ link ক্লিক কৰক---
https://www.mediafire.com/download/791u26arza9364n
ছান্টা-বান্টা ছান্টা-বান্টা Reviewed by Assamese jokes for smile on January 03, 2018 Rating: 5

No comments:

Powered by Blogger.