Assamese jokes (অসমীয়া কৌতুক) part ১




১। বিজ্ঞাপনৰ খৰচ


ঘৰত কাম কৰা লগুৱাটো হেৰাল। গৃহস্থই বাতৰি কাগজত লৰাটো হেৰোৱাৰ খবৰ বিজ্ঞাপনৰ জৰিয়তে দিয়াৰ কথা ভাবি বাতৰি কাকতৰ অফিচলৈ গৈ খৰচ কিমান হব সুধিলে। এজন কৰ্মচাৰীয়ে ক'লে---
  :প্ৰতি ছেন্টিমিটাৰত আমি ৫ টকাকৈ লওঁ।..
  :বাপৰে, তেতিয়াহলেতো মই বিজ্ঞাপনেই দিব নোৱিৰিম।
কৰ্মচাৰীজনে সুধিলে---
 : কিয় ?
 :এস আমাৰ হেৰোৱা লৰাটো ৫ ফুট মান ওখ আছিল। ইমান টকা মই ক'ৰ পৰা দিম ?

২।  গেৰেলা আৰু দীঘলা


এদিন গেৰেলা আৰু দীঘলা এঘৰত চুৰ কৰিবলৈ সোমাল। অলপ ঘুটুং-ঘাটাং শব্দ হোৱাত গিৰিহঁতে সাৰ পাই মাত লগালে--
  :কোন অ' সেইটো ?
  : মি উ উ.. সুৰ লগাই দীঘলাই মেকুৰীৰ দৰে মাত উলিয়াই উত্তৰ দিলে।
গিৰিহঁতেও মেকুৰী বুলি ভাবি শুই থাকিল। পুনৰ গেৰেলাৰ হাতত লাগি ঘটি এটা পৰাত ঘটংকৈ শব্দ হল।
গিৰিহঁতে পুনৰ মাত লগালে--
 :কোন অ' সেইটো ?
সিটো চুৰে এইবাৰ কলে--
 :ইটো মেকুৰী।

৩। ৰেল চালক 

 যাত্ৰী ভৰা ৰেল এখন আহি  থাকোঁত ে হথাত চিৰিৰ পৰা নামি যোৱাত যাত্ৰী বোৰৰ মাজত হাঁহাকাৰ লাগিল। কিছু দূৰ গৈ নিৰাপদে ৰেলখন ৰোৱাত যাত্ ৰীবোৰে আহি চালকক নানা গালি-গালাজ কৰি ক'লে, "আপুনি মানুহবোৰ
মাৰিব খুজিছিল নেকি?" "নাই নাই আচলতে কি জানেলাইনৰ ওপৰত এজন মানুহ থিয়হৈ আছিল। ইমান হৰ্ন বজালোঁ সিনাঁতৰেহে নাঁতৰে।"
  "সেয়ে হবলা তেওঁক বচাবলৈ গৈ আপুনি ইমান খিনি মানুহক মাৰিবখুজিছিল,  মানুহজনৰ গাৰ ওপৰেদি ৰেলচ লাই নিদিল কিয়?" - এজনে অলপ খঙেৰেক'লে।
  "মইতো তাকে কৰিব বিচাৰিছিলোঁ মানুহটোৱেটো লাইনৰ পৰা নামি কাষলৈদৌৰ মাৰিলে। সেইবাবেই ময়ো নমাই দিবলগীয়া হ'ল।" -চালক জনে ক'লে।

৪ । বিমান যাত্ৰী

ভক্ত : নাজানোহোঁ আৱাহন, নাজানোহোঁ বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্ছিত .....

ভগৱান : একোৱে নাজান যদি কি কৰিবলৈ টেটু ফালি মাতি আছ’ মোক... ??
৬। আইতাৰ ডিপ্ল'মা

আইতাকে হাতত পানীকেচুৱা এটা লৈ গাই আছে
"আমাৰে 'ডিপ্ল'মা' শুবয়ে বাৰিতে বগৰী ৰুব এ বাৰীৰে বগৰী পকি সৰিলে আমাৰে 'ডিপ্লমা'য়ে বুটলি খাব "
--এনেতে ওচৰৰে এজনীয়ে শুনি মাত লগালে
"অৰি'.. ভূলকৈ কিয় গাইছে? 'ডিপ্লমা' নহয় 'মইনা' হে কিবা??
আইতাকে ক'লে-
নহয় ছোৱালীক দিল্লীলৈ পঠাইছিলো 'ডিপ্লমা' আনিবলৈ। আহোতে এইটো লৈ আহিছে...
৭। হাতীৰ আন্দাৰপেন্ট
নিগনি : (হাতীক উদ্দেশ্যি)... ঐ তোৰ আন্দাৰপেন্টটো কেইদিনমানৰ কাৰণে দিবিনেকি ?
হাতী : .... হা হা হা হা .... কিয় ? তই পিন্ধিবিনেকি ? 
..............
..............
নিগনি : নহয় অ..... ডাঙৰ ছোৱালীজনীৰ বিয়া পাতিছো.... ! ৰভা দিব লাগে ...!
৮। এম.পি. 
অফিচাৰ: আপোনাৰ নাম কি?
প্রার্থীঃ M.P চাৰ ৷ 
অফিচাৰ: এম.পি ? তাৰ মানে কি?
প্রার্থীঃ মোহন পাল চাৰ ৷
অফিচাৰ:আপোনাৰ পিতাৰ নাম কি ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:তাৰ মানে কি?
প্রার্থীঃ মদন পাল চাৰ ৷
অফিচাৰ: আপোনাৰ যোগ্যতা?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (খং কৰি) এইটো কি?
প্রার্থীঃ মেট্রিক পাচ চাৰ ৷
অফিচাৰ:আপুনি কিয় কাম বিচাৰিছে ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (অঅহহ) তাৰ মানে কি?
প্রার্থীঃ মানি প্রব্লেম চাৰ ৷
অফিচাৰ: আপোনাৰ PERSONALITY বর্ণনা কৰক ৷ 
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:খুলি কওঁকচোন ৷ 
প্রার্থীঃ MAGNANIMOUS PERSONALITY চাৰ ৷
অফিচাৰ: আপুনি এতিয়া আহিব পাৰে ৷ 
প্রার্থীঃ এম.পি চাৰ ?
অফিচাৰ: এইটো কি আকৌ ?
প্রার্থীঃ MY PERFORMANCE …?
অফিচাৰ: M.P !!!
প্রার্থীঃ তাৰ মানে কি চাৰ ?

অফিচাৰ: MENTALLY PUNCTURED…
৯। ইংৰাজীলৈ অনুবাদ
১/ কালি তোক পাণ্ডেৰ দোকানত চিগাৰেট টানি থকা দেখিছিলো 
ইয়েস্তাৰদে আই চ’ ইউ পুলিং চিগাৰেট ইন পাণ্ডে চপ |
২/ছোৱালীৰ পিছে পিছে কিয় ঘূৰ? লাজ নাই?
হুৱাই ইউ ৰ’টেট আফটাৰ গাৰ্ল- ন’ চেম ?
৩/কাগজখন তুলি ডাষ্টবিনত পেলা !
আফটাৰ লিফ্টিং দা পেপাৰ ফল ইন ডাষ্টবিন !
৪/মই বিচাৰোঁ মোৰ ল’ৰাটোৱে পঢ়ক আৰু ছোৱালীজনীৰ বিয়া হৈ যাওক |
আই ৱান্ট টু ষ্টাডী মাই চান এন্ড মেৰী মাই ড’টাৰ | ৫
/অনুগ্ৰহ কৰি চিৰিয়াখানাৰ জন্তুবোৰক খাবলৈ নিদিব |
প্লীজ ডু নট ট্ৰাই টু ইট দা এনিমেলচ অব দা জু |
৬/কি খবৰ?
হুৱাট ইজ নিউজ?
৭/হেল্লো, আপুনি কোনে কৈছে?
হেল্লো, হু উ টেলিং?
১০। পিংকিৰ প্ৰাৰ্থনা
'পিংকিয়ে মন্দিৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিছে.: - "হে ভগৱান, কোনোবা বুদ্ধিমান ল'ৰা এটাক মোৰ প্ৰেমিক হিচাপে দিয়া।"
ভগৱান: - ঘৰলৈ যোৱাগৈ মাজনি, কাৰণণ বুদ্ধিমান ল'ৰাৰ প্ৰেমিকা নাথাকে...."
---------------------------------------------------------------------------------------------------------------------------
Download and install our android apps from the links given below - (size only 1.98MB)
CLICK HERE FOR DOWNLOAD 
---------------------------------------------------------------------------------------------------------------------------
Assamese jokes (অসমীয়া কৌতুক) part ১ Assamese jokes (অসমীয়া কৌতুক)  part ১ Reviewed by Assamese jokes for smile on May 06, 2018 Rating: 5

No comments:

Powered by Blogger.