Assamese jokes (অসমীয়া কৌতুক) part ২





১। ইন্টাৰভিউত কণপিতৌ

 কনপিতৌয়ে এবাৰ ইন্টাৰভিঊ এটা দিবলৈ গ'ল-
চাৰ: হুৱেৰ আৰ ইউ বর্ন?
কনপিতৌ: আচাম।
চাৰ: হুইচ পার্ট?
কনপিতৌ: হুইচ পার্ট আকৌ কি? গোটেই ব'দী উৱাচ বর্ন ইন আচাম আক' ।


২। কলিতাৰ পুতেক

পুতেক:- দেউতা দেউতা, ম‍ই পৰীক্ষাত ৯৭ পালোঁ |
কলিতা:- অ’ বা:, চাব্বাছ, কোনটো চাবজেক্টত ?
পুতেক:- চবতে...
কলিতা:- চবতে?
পুতেক:- মানে চব মিলাই! ইংৰাজী- ২২, অসমীয়া- ২৩, বিজ্ঞান- ১১, সমাজ বিদ্যা- ২০ আৰু গণিত- ২১ | হি: হি:
কলিতা:- কটা, নিধক, মোৰ বিশ্বাসৰ হত্যাকাৰী, এলেহুৱা, অকামিলা, পচলা খোৱা ধোদ, নিৰ্লজ্জ কিশোৰ- ফাইনেল পৰীক্ষাত যদি ৬০% শতাংশতকৈ কম আহে, মোক নিজৰ দেউতাৰ বুলি পাহৰি যাবি; কৈ দিলোঁ |

তিনিমাহৰ পিছত বছেৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখন-

কলিতা:- জান টো, এইফালে আহচোন, ৰিজাল্ট দিলে নহয় আজি, কিমান % পালি ?
পুতেক:- আপুনি কোন বাৰু, ঠিক ধৰিব পৰা নাই! বেয়া নাপায় যদি নিজৰ পৰিচয় কণ দিবনে?

৩। সকলো ধৰনৰ চিকিত্‍সা 


এজন ডাক্তৰে এখন ক্লিনিক খুলিলে আৰু ক্লিনিক খনৰ সন্মুখত এখন ছাইনবর্ডত লিখি থ’লে :সকলো ধৰনৰ চিকিত্‍সা কেৱল ১০০ টকাত কৰা হ’ব আৰু যদি চিকিত্‍সা কৰিব নোৱাৰো, তেন্তে আমি আপোনাক ২০০ টকা ওভোটাই দিম । একো অসুখ নোহোৱা এজন ব্যক্তিয়ে ২০০ টকা নিজৰ হাতলৈ অনাৰ পাং পাতি ক্লিনিক খনলৈ আহিল ।
তেওঁ ডাক্তৰ জনক ক’লে :
‘‘মই মোৰ জিভাখনত একো সোৱাদ অনুভব কৰিব নোৱাৰা হৈছো !’’
ডাক্তৰ জনে তেওঁৰ সহাকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জিভাত দি দিবলৈ ক’লে । ঔষধ কেইটোপাল জিভাত পৰাৰ লগে-লগেই মানুহজনে চিঞৰি উঠিল...
‘‘ইছ ৰাম ! ইমান তিতা !!’’
ডাক্তৰ জনে হাঁহি এটা মাৰি ক’লে :
‘‘Congratulation, আপোনাৰ জিভাৰ অনুভব শক্তি ঘূৰি আহিল ।’’
এশ টকা যোৱাৰ খঙত মানুহজন জ্বলি-পকি উঠিল আৰু দুসপ্তাহ পাছত আগৰ এশ টকাৰ লগতে আৰু এশ টকা ঘূৰাই লোৱাৰ উদেশ্যেৰে পূণৰ ক্লিনিক খনলৈ আহিল ।
মানুহজন :- ছাৰ, মই মোৰ স্মৃতি শক্তি হেৰুৱাই পেলালো, আগৰ কথা মোৰ এতিয়া অলপো মনত নাই !
ডাক্তৰ জনে তেওঁৰ সহকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জীভাত দি দিবলৈ ক’লে । সহকাৰী জনে ঔষধ দিবলৈ লোৱাত মানুহজনে আচৰিত হৈ সুধিলে :-
‘‘ৰ’ব ছাৰ, এই ঔষধটো দেখোন জিভাৰ অনুভব শক্তি ঘূৰাই অনাৰ বাবেহে!?’’

৪। নগেন, ঘৈণীয়েক আৰু নিমখ

নগেনৰ ঘৈণীয়েকো কম নহয়৷ নগেনক ইটোৰ পিছত সিটোকৈ কাম পাচি থাকে৷
এদিন নগেনৰ ঘৈণীয়েকে মজিয়াত বহি কিবা কাম কৰি আছিল৷ অলপ পাছত, ওচৰতে বহি বাতৰি কাকত পঢ়ি থকা নগেনক ঘৈণীয়েকে ক’লে,-
:পাকঘৰৰ পৰা অলপ নিমখ লৈ আনাচোন৷
নগেন উঠি পাকঘৰলৈ গ'ল৷ প্ৰায় দহ মিনিটমান পাছত পাগঘৰৰ পৰা নগেনে চিঞৰি চিঞৰি ক’লে:
:ইয়াত দেখোন ক’তো নিমখ নাই৷
ঘৈণীয়েকেও চিঞৰি চিঞৰি ক’লে,-
: মই জানোৱেই তুমি একো বস্তু বিচাৰি নোপোৱা৷ তুমি এটা কামচোৰ৷ এলেহুৱা৷ সোৰোপা৷ তুমি একো কামৰ মানুহ নহয়৷ অন্ধ৷ একো দেখা নোপোৱা৷ তোমাক একো কাম কৰিবলৈ দি লাভ নাই৷মই জানিছিলোৱেই তুমি বিচাৰি নাপাবা বুলি ৷সেইকাৰণে মই নিজে আগতেই নিমখৰ বাচনটো লৈ আনি থৈছো৷

৫। বঢ়িয়া হ'ল

পিতৌ নামৰ মানুহ এজনে আনে যি কথায়ে নাপাতক তেওঁ উত্তৰত বঢ়িয়া হ'ল বুলি কয় ।এবাৰ এজন বন্ধুয়ে তেওঁৰ লগত পতা কথোপকথনঃ
বন্ধুঃ আপোনাক বহুত দিনৰ মোৰত লগ পালো দেই ।
পিতৌঃ হেঃ হেঃ বঢ়িয়া হ'ল ন !তোমাৰ কেনে খবৰ পিচে ?
বন্ধুঃ বৰ ভাল নহয় ।যোৱা বছৰ মানুহজনী মৰি থাকিল ,টকা পইচাৰ নাটনিত বৰ কষ্টত আছো বুইছেনে ।ইফালে খেতিয়ো বৰ ভাল নহ'ল এইবাৰ ।
পিতৌঃ বঢ়িয়া হ'ল দেখুন কথাটো !
বন্ধুঃ [খঙেৰে] কি বঢ়িয়া হ'ল ! মোৰ এনে অৱষ্টা হোৱাত আপোনাৰ ইমান ফ্ৰোর্তিনে ?
পিতৌঃ তুমি বুজা নাই ,কথাটো বঢ়িয়া হ'ল ।
বন্ধুয়ে পিতৌৰ কাণৰ তলত দুপাত মান দিয়াৰ পিছত পিতৌয়ে কেকাই কেকাই কলেঃ অ' বোপাই বঢ়িয়া হ'ল দে ।

৬। দুজন বন্ধুৰ কথোপকথন

দুজন বন্ধুৱে গছৰ তলত বহি কথা পাতিছে--
প্ৰথম বন্ধুঃ মই সৰুতে গোটেই ভাৰতবৰ্ষখনেই বিনা পইচাতে ফুৰি আহিলো।
দ্বিতীয় বন্ধুঃ থ হেৰ গাজা কবলৈ আৰু মানুহ বিচাৰি নাপালি কোনোবাই বিনা পইচাত গোটেই ভাৰতবৰ্ষখন ফুৰি আহিব পাৰেনে ?
প্ৰথম বন্ধুঃ পাৰিতো মই মা-দেউতাৰ কোলাতহে বহি গৈছিলো।

৭। যদু আৰু মধু

যদুঃ কোটিপতি হোৱাৰ সহজ উপায় নামৰ কিতাপখন তুমি মোক আধা ফালি কিয় দিলা ?
মধুঃ এস তোমাৰ বৰ খক হে আধা কোটি টকাৰে তোমাক নুকুলাব জানো।

৮। বিনামুলীয়া পৰামৰ্শ

নগেন দেৱালীৰ দিনা ৰাতি মালতীৰ লগত বন্ধু খগেনৰ ঘৰলৈ খানা খাবলৈ গল৷ ৰাতি বাৰটা মান বজাত ঘৰ আহি পাই দেখে দুৱাৰ খোলা আৰু গোটেই ঘৰ লন্ডভন্ড৷ চোৰ সোমাল৷ মালতীয়ে চিঞৰ বাখৰ লগালে পুলিচৰক খবৰ দিবলৈ৷ নগেনে বুলে ৰবাচোন, কিবা পালেহে নিব চোৰে৷ দাইনিং টেবুল খনৰ ওপৰত খাম এটা আৰু চিঠি এখন৷ নগেনে পঢ়িলে...
মহাশয়,
      নমস্কাৰ গ্ৰহন কৰিব৷ আজি সুদিৰ্ঘ ১০ বছৰীয়া চোৰ জীৱনত শুদা হাতে উভতিব লগা হোৱাত অতি বিমৰ্ষ মনেৰে চিঠি খন লিখিব লগা হল৷ কেইটামান বিনামুলীয়া পৰামৰ্শ আপোনালৈ আগবঢ়ালো৷
ক) ঘৰত কমেও দহ হাজাৰ মান টকা নগধ ৰাখিব৷ ঘপহকৈ কিবা বিপদত কামত আহিব৷ ৰাতিখন কত বেংক খুলা পাব৷
খ) টিভি টো হলাবৰ হল৷ ইমান গধূৰ লৰচৰেই কৰিব নোৱাৰিলো৷ আজি কালি পাতল চেপেটা টিভি পাই৷
গ) পনী খাইছে কলহত থৈ পিচে ভাত খাইছে প্লাষ্টিকৰ প্লেটত৷ কাঁহৰ কাঁহি ব্যৱহাৰ কৰিব৷ স্বাস্থ্যৰ বাবেও ভাল আৰু বেচিলে বজাৰত দামো পোৱা যায়৷
ঘ) বহুত চেষ্টাৰে আলমাৰীটো খুলিলো কিন্তু থবলৈ যদি বস্তুয়ে নাই সেইটো জেগা বন্দি কৰি টৰঙাই থোৱাৰ কি প্ৰয়োজন?
ঙ) মানুহজনীক দুই এপদ আছল সোনৰ গহনাও দিব৷ বিপদত কামতো আহিব৷
চ) আপোনাৰ ধুনীয়া মানুহ জনীৰ যিহে Old fashioned কাপোৰ, মোৰ জনীয়ে সেইবোৰ কেতিয়াও নিপিন্ধে৷ খামটোত টকা এহেজাৰ থৈ গৈছো৷ মানুহজনীক ধুনীয়া গুলপীয়া শাৰী এখন কিনি দিব৷ আপুনি নাচায় নাই অন্তত আমি বুৰেই চাই শান্তি পাম৷
দেৱালীৰ শুভেচ্ছাৰে....... শ্ৰী মান চোৰ৷
...........  নগেন বেহুচ  ...........৷

৯। বয়ফ্ৰেন্দ

পতি : তুমি ইমান ধুনীয়া ।বিয়াৰ আগতে চাগে তোমাৰ বহুত বয়ফ্ৰেন্দ আছিল ন' ?
পত্নী : আছিলে ! আজিকালিতো চবৰে কিবা নহয় কিবা থাকেই ।
(এইবুলি পত্নীয়ে এটা এনভেলপ আৰু এখন ১০০ টকীয়া নোট দিলে গিৰিয়েকক)
পতি : কি এয়া ?
পত্নী : মোৰ যেতিয়াই নতুন বয়ফ্ৰেন্দ হৈছিলে মই এনভেলপত এটা এটা চাউল ভৰাই গৈছিলো
পতি :(খুলি চাই) মাত্ৰ তিনিটা চাউল ! মই ভয়েই খাইছিলো ১০টা মান হব বুলি !
পিছে ১০০ টকাটো কিহৰ ?
...
.
.
.
.
.

.
পত্নী : ১০০ টকাতো তাৰেই চাউল ২ কেজি বিক্ৰি কৰি পোৱা টকা আকৌ ! অকৰাতো ক'ৰবাৰ!

১০। প্ৰমাণ

নগেনে সিদিনা এখন দোকানলৈ গৈছিল ঘৰত থকা পোহনীয়া কুকুৰটোৰ কাৰণে বিষ্কুট আনিবলৈ ।নগেন (দোকানীলৈ চাই : "অ' ভাইটি, কুকুৰৰ বিষ্কুট আছে নেকি ?"
দোকানী- "থকাটো আছে, কিন্তু আপোনাক দিব নোৱাৰিম, মানে আমাক অৰ্দাৰ দিয়া আছে যে কুকুৰ আছে বুলি প্ৰমাণ নহলে দিয়া মানা আছে..কুকুৰ টো লগত লৈ আহিব, লৈ যাব !"
নগেনে গুচি আহিল। কেইদিনমানৰ পাছত আকৌ এদিন নগেনে সেই দোকান খনলৈ গল..
নগেন- "ভাইটি, মেকুৰীক গা ধুওৱা চেম্পু আছে নেকি ?"
দোকানী- "আছে দাদা, কিন্তু আপোনাৰ মেকুৰী আছে বুলি প্ৰমাণ নহলে দিব নোৱাৰিম..!"
নগেনৰ টিকনি গৰম হৈ গল.. সি ঘৰলৈ গৈ হাতত কলা পলিঠিনৰ বেগ এটা লৈ আহিল.. দোকানীজনে নগেনক দেখি ক'লে- "আহক দাদা, কি লয় আহক..!"
নগেনে মনতে ভাবিলে ৰহ বেটা তই মোক বহুত জলাইছ.. তোক মই আজি দি আছোঁ ! নগেনে ধুনীয়া হাঁহি মাৰি কলে- "হাঃ হাঃ কি লাগে গম পাবা, আজি প্ৰমাণো লৈ আহিছোঁ... দিয়াচোন তোমাৰ হাতখন এই বেগটোত সোমাই চোৱা..!"
দোকানীজনে নগেনৰ কথামতে বেগত হাত ভৰাই ক'লে- "অ কিবা গৰম গৰম লাগিছে, কুমল, তিপি দিলে পিছলি যায় দেখোন দাদা... কিনো..?"
নগেনে তামাম ফুৰ্টি কৰি কলে- "হাঃ হাঃ এইয়া মোৰ হেৰি, এতিয়াই কৰি আনিছোঁ গৰমে গৰমে, দিয়া হাৰপিক এটা, টয়লেট চাফা কৰিবলৈ লাগে !!!"

Assamese jokes (অসমীয়া কৌতুক) part ২ Assamese jokes (অসমীয়া কৌতুক) part ২ Reviewed by Assamese jokes for smile on May 26, 2018 Rating: 5

No comments:

Powered by Blogger.