Assamese jokes (অসমীয়া কৌতুক) part ৩




১। চাণ্টাৰ ইন্টাৰভিউ

চাণ্টা এবাৰ ইন্টাৰভিউ এটা দিবলৈ গৈছিল ! কিন্তু চাকৰি টো অলৰেডি "বছ" ৰ খুলশালীক দিয়া হৈ গৈছিল । তথাপিও ফৰমেলিটিৰ কাৰণে ইন্টাৰভিউ পাতা হৈছিল ...যত কিছুমান অবান্তৰ প্ৰশ্ন সোধা হৈছিল । চাণ্টাৰ পাল পৰিল।
ইন্টাৰভিউৱাৰ: ( চান্টাক উদ্দেশ্য কৰি) "আপুনি নদীৰ মাজত এখন নাৱত বহি আছে ,আপোনাৰ হাতত দুটা চিগাৰেটৰ বাহিৰে আন একো নাই ,আপুনি চিগাৰেট টো কেনেকৈ জ্বলাব?"

চান্টাই খুউব গহীন আৰু চিৰিয়াচ হৈ কলে, - "চাৰ ইয়াৰ দুই তিনিটা সমাধান আছে ...! ইন্টাৰভিউৱাৰ আছৰিত!, "কওকচোন কি কি?"
.
.চান্টা : ''মই এটা চিগাৰেট পানী লৈ দলিয়াই দিয়ক so the boat will become lighter...using this lighter মই
চিগাৰেট টো জ্বলাম!''
.
. ইন্টাৰভিউৱাৰ : ''কি প্ৰলাপ বকিছা ?''
.
. চান্টা : ''এইবাৰ আৰু চিৰিয়াচ ,চাৰ আৰু এটা উপায় আছে... মই চিগাৰেট টো ওপৰলৈ দলিয়াই দিম..আৰু CATCH ধৰিম !!!! CATCHES WIN THE MATCHES USE THIS MATCHES মই চিগাৰেট টো জ্বলাম !!!!''

ইন্টাৰভিউৱাৰ ---- STUPID
.
. চান্টা : ''চাৰ আৰু এটা উপায় আছিল ..মই হাতত অলপ পানী লম আৰু টোপ টোপ (TIP TIP) কৈ পেলাই যাম !!''
.
. ইন্টাৰভিউৱাৰ : ''তাৰ পৰা কি হব?''

চান্টা : ''চাৰ আপুনি গান টো শুনা নাই? -
.
.TIP TIP BARSA PANI
PANI NE AAG LOGAYEE
সেই AGG ৰেই মই চিগাৰেট টো জ্বলাই লম !!''

পাগল হৈ ইন্টাৰভিউৱাৰ জনে চান্টাক কলে, ''আপোনাৰ চৰণ দুখন দিয়কচোন''

২। পাগল

এটা পাগল ৰাস্তাত শুই আছিল । ট্রাক ড্রাইভাৰ এজনে তাৰ ট্ৰাকখন ৰখাই অনবৰত হৰ্ণ বজাই আছে, তথাপিও পাগলটো উঠা নাই । অৱশেষত ড্রাইভাৰজনে নামি ক'লে, "অই পাগল, ৰাস্তাৰ পৰা উঠি নগ'লে তোৰ গাৰ উপৰেৰে ট্রাক চলাই নিম ।'' পাগল (হাঁহি হাঁহি) :-- ''অলপ আগতে মোৰ গাৰ উপৰেৰে প্লেন এখন গ'ল, তাতেই একো নহ'ল । আৰু ট্ৰাকখনেৰে কি হ'ব, নুঠং যা ।

৩। হনুমান

ৰাম লক্ষ্মণ সিতাৰ লগত হনুমানো লংকাৰ পৰা অযোধ্যা লৈ ঘুৰি আহিল কেইদিন মান থকাকৈ । পুৱায়ে হনুমান ওচৰতে থকা নদী খনত সদায় গা ধুবলৈ যায় । যেতিয়া গা ধুই ঘুৰি আহে হনুমান , তেতিয়া আলি কাষৰ কাপোৰ চিলোৱা দৰ্জী এজনে হনুমানক আগ ভেটি সদায় কয়, "হনুমান , তই ক'না লংকা খন কেনেকৈ জ্বলালি............ দজী ক'কাই বাদদে সেইবোৰ কথা..... নাই , দজীয়ে নামানে তাক কবই লাগিব..... এদিন গ'ল..... দুদিন গ'ল....... এদিন হনুমানে কলে ,''ক'কাই অহা কালি গা ধুবলৈ আহোঁতে তোক দেখুৱায় থৈই যাম হা....'' পিছ দিনা হনুমান আহি দৰ্জীৰ দুকানত সোমাই ক'লে-এতিয়া মোৰ নেগুৰত কাপোৰ বান্ধ....দজীয়ে সেইমতে কাপোৰ মেৰিয়াই বান্ধিলে....তাৰ পিছত , এতিয়া....তই মোৰ নেগুৰত জুই লগাই দে.... দজীয়ে দিলে নেগুৰত লগাই জুই..........হনুমানে নেগুৰত জুই লৈ ক'লে....
''তই এতিয়া ৰাৱণ.....মই হনুমান আৰু তোৰ দুকান খন লংকা ।'' ''তাতে কি হ'ল''......দজীয়ে কলে । এতিয়া ৰাৱণৰ দৰে হাঁ....., হনুমানৰ কথাত দজীয়ে ৰাৱণৰ দৰে হাঁহিব লাগিল...,.... এতিয়া তই কান্দি থাক বুলি কৈয়ে ........
দুকান খন জ্বলাই দিলে ।

৪। কাজিয়া

শিক্ষক : ''ৰিতু তোমাৰ আজি স্কুললৈ অহা কিয় ইমান পলম হল?''
ৰিতু: ''মানে ছাৰ মা আৰু দেউতাই কাজিয়া কৰি আছিলে।''
শিক্ষক : (ধমকি সুৰত) ''আৰু তই হবলা তাকে চাই আছিলি।''
ৰিতু : ''নহয় ছাৰ, কাজিয়া শেষ হোৱালৈকে ৰৈ থাকিব লগা হল। কাৰণ জোতাযোৰ এপাত মাৰ হাতত আৰু আন পাত দেউতাৰ হাতত আছিলে।''

৫। ল'ৰা vs ছোৱালী

ৰিজাল্টৰ পিছত..
ছোৱালী১ : (কান্দি কান্দি) মাত্র ৯১ পালোঁ।
ছোৱালী২ : ( আৰু বেছিকৈ কান্দি) পাঁচবাৰ ৰিভিজন দিয়াৰ পিছতো ৯০ কেনেকৈ পাওঁ?
ছোৱালী৩ :  মই ৯৩ লৈ দেউতাৰ আগত কেনেকৈ মুখ দেখুৱাম?
ছোৱালী৪ : (হায়ৈ বিয়ৈ কৰি) ৯০ত একো লাভ নাই!

ল'ৰাৰ প্রতিক্রিয়া..
ল'ৰা১ : এইবাৰ পুৰা কঁপাই দিছো বে..৪৩ পালোঁ
ল'ৰা২ :  ময়ো পাছ কৰিলোঁ, দেউতাই শুনিলে ডান্স আৰম্ভ কৰি দিব।
ল'ৰা৩ : ছাৰে নকল মাৰিব দিছিলে, সেয়ে ওলাই গলোঁ। ছাৰ নহয় বে ভগৱান!
ল'ৰা৪ : পুৰা ৩৩ পাইছোঁ, এতিয়াও বিশ্বাস হোৱানাই মই যে পাছ কৰিছোঁ! আজি পাৰ্টি কৰোঁগৈ ব'ল!
আটাইবোৰে সমস্বৰে- ব'ল ব'ল !!!

৬। মিছলীয়া

এজন মানুহে এখন ঠাইত এটা ডাঙৰ মিছা কথা কৈ জনপ্ৰিয় হৈ পৰিল । মিছা কথাত বিখ্যাত হৈ পৰা বাবে তেওঁক সকলোৱে চিনি পাইছিল । বিশেষ কাৰণ এটাৰ বাবে তেওঁ অন্য এখন ঠাইত যাব লগা হল । সেই ঠাইত প্ৰায় ৭৫ বছৰীয়া বুঢ়ী আইতা এগৰাকী দৌৰি আহি সুধিলে বোপা তইয়ে বিখ্যাত মিছলীয়া মানুহজন নহয় জানো ?????? মানুহ জনে লাহেকৈ কলে :- ''মানুহৰ কথা বাদ দিয়ক মই আপোনাক দেখি আচৰিত হৈছো আপোনি কিন্তু এই বয়সতো গাভৰু জনী হৈ আছে । গাৰ ৰং , চাল এতিয়াও ধুনীয়া হৈ আছে ।'' বুঢ়ীআইতাই অলপ লাজ কৰি, ........ইছছ সমাজৰ মানুহ বোৰ বৰ হাৰামি চকু চৰহা থাকে দেই ইমান মৰমীয়াল সচাঁ অন্তৰৰ মানুহকো মিছলীয়া বুলি কয় ।

৭। ভাওনাত

ক) ৰজা,মন্ত্ৰী,সেনাপতি ৰাজসভা ৷ ৰজাৰ ভাও লোৱাজনে মন্ত্ৰীৰ ভাও লোৱাজনৰ লগত ভাওনাৰ আগদিনা কাজিয়া লাগি মাতবোল নাই ৷ এতিয়া ৰজাই মন্ত্ৰীক ৰাজ্যৰ খবৰ সোধে কেনেকৈ মাতবোল নাই যেতিয়া ৷ সেয়ে নতুন পন্থা অৱলম্বন কৰি সুধিলে- ''সেনাপতি, মন্ত্ৰীবৰক সোধা, ৰাজ্যৰ খবৰ কি?''  মন্ত্ৰীয়ে ক'লে- ''সেনাপতি, মহাৰাজক কোৱা, সকলো ঠিকেই আছে ৷''

খ) শিৱক এজন দৈত্যই স্তুতি কৰিছে বৰ বিছাৰি, শিৱ নাই ৷ সকলোৱে শিৱক বিছাৰি ফুৰিছে, বহুদেৰিৰ পাছত শিৱ ওলাল ৷ সকলোৰে প্ৰশ্ন ক'ত গৈছিলি?
শিৱৰ উত্তৰ: ''মোৰ ভাওটো দেৰিকে ওলাব কাৰনে ম'হটোক ধানখেৰ অলপ খুৱাই আহো বুলি গ'লো,কিন্তু ম'হে মোৰ এই পোছাক পিন্ধি যোৱা কাৰনে এৰাল চিঙি পলাল, ম'হৰ পিছে পিছে মই ধৰিবলৈ যাব লগা হ'ল ৷''


৮। এদিন বাছত

বাপৰে ... বাছখনত কি ভিৰ ?... কিবাকৈ ওপৰফালে থকা লোহাডালত ধৰি লৈ গৈ আছো ।... মোৰ পিচফালে পিঠিয়া পিঠিকৈ বিপৰীত ফালৰ লোহা ডালত ধৰি ঠিয় দি গৈছে এজন ভদ্রলোক ।..."হেৰি কিয় টিকা খজুৱাই আছে !"... হঠাত্‍ ভদ্রলোকে মোক উদ্দেশ্য কৰি কলে ।... "কিয় খজুৱাইছে মানে !মোৰ টিকা খজুৱাইছে সেইবাবে খজুৱাইছো তাতে আপোনাৰ কি হ'ল ?"... ময়ো বাপ্পেকে অলপ ফায়াৰ হৈয়েই কলো ।... "হেৰি, কি মানুহ হে' আপুনি ?.. আপোনাৰ টিকা খজুৱাইছে যদি আপোনাৰ টিকা খজুৱাওঁক ; মোৰ টিকাত আকৌ কিয় খজুৱাই আছে হে' ?"... ভদ্রলোকজনে মোক ডবিয়াই উঠিল ।...

৯। নগেনৰ বিষ

নগেন এবাৰ ডাক্তৰৰ ওচৰলে গ'ল-
নগেন: ''ছাৰ, মোৰ গোটেই গাতে বিষ হৈছে। সৰ্ব শৰীৰ বিষত মই তত পোৱা নাই। মোক অাপুনি help কৰক ছাৰ''
ডাক্তৰ: ''বিষ ক'ত ক'ত হৈছে?''
নগেন : (তৰ্জনি অাঙুলিৰে কপালত ছুই ডাক্তৰক দেখুৱালে) ''ছাৰ,মই ইয়াত ছুলে বিষায় তাৰ পাছত হাতত ছোও.....তাতো বিষায় ডিঙিত ছোও তাতো বিষায় ইমান যে বিষ......উস্।''
ডাক্তৰ: ''চাওছোন ওচৰলে অাহ্''
নগেন ডাক্তৰৰ ওচৰত থিয় হ'ল অাৰু নিজৰ অাঙুলি এটাৰে নগেনৰ কপালত ছুই নগেনক সুধিলে.......
''এতিয়া বিষাইছেনে?''
নগেন: ''নাই বিষোৱা ছাৰ''
এইবাৰ একেদৰে ডাক্তৰে নগেনৰ হাত অাৰু ডিঙিতো ছুই নগেনক বিষাইছেনে নাই সুধিলত নগেনে নাই বিষোৱা বুলি ক'লে। নগেনে অাচৰিত হৈ ডাক্তৰক সুধিলে ..... ''ছাৰ মোৰ কেনেকুৱা বিষ হৈছে এইটো......মোক অাপুনি বছাওক ছাৰ।''
ডাক্তৰ: ''কুকুৰ ......তোৰ গাত একো হোৱা নাই ......... অাঙুলিত ঘা হৈছে তোৰ!!!!!!!!!''

১০। বাবাজীৰ solution

বাবলু গ'ল বাবাজীৰ ওচৰলৈ-
বাবলু- বাবাজী ইমান দিনে ছোৱালী এজনী পটাব নোৱাৰিলোঁ
বাবাজী- তোমাক ছোৱালী লাগে?
বাবলু- (উৎসাহিত হৈ) হয়!
বাবাজী- ছোৱালীবোৰৰ কথা শুনি ভাল লাগে?
বাবলু- (লাজ লাজ কৈ) হয় হয় !!
বাবাজী- তুমি বিচৰা ছোৱালীবোৰে তোমাক আগুৰি থাকক?
বাবলু- (উত্তেজিত হৈ) বাবাজী আপুনি সৰৱজান! আপুনি মোৰ মনৰ কথা কৈ দিলে!!!!
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
বাবাজী- তেনেহ'লে সৌ চাৰি আলিটোত ফুচকা বেচা গৈ যোৱা!
Assamese jokes (অসমীয়া কৌতুক) part ৩ Assamese jokes (অসমীয়া কৌতুক) part ৩ Reviewed by Assamese jokes for smile on May 28, 2018 Rating: 5

No comments:

Powered by Blogger.