অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৪ | AssameseJokes.ML |


১। খুচবুৱে বান্ধবীক : মোৰ বিয়াৰ ২৫ বছৰ হ'ল আৰু  প্ৰতি নিশাই ছান্টাই আজি ৰন্ধা ঠিক নহ'ল বুলি বিননি তোলে।
বান্ধবী : আচৰিত! ২৫ বছৰে তুমি সেই কথা প্ৰতি নিশাই শুনি আছা।
খুচবু : সেইটোনো কি কথা। বহুত কম পুৰুষে নিজা ৰন্ধা খাই পচন্দ নকৰে।
[ AssameseJokes.ML ]


২।সুৰামত্তৰ অভিজ্ঞতা
    ক। ভাব: মজিয়াখন লাৰচৰ কৰিছে।
         অৰ্থ: মানুহজনক কোনোবাই টানি আনিছে।
    খ। ভাব: বেৰখনত লাইটেৰে তিৰবিৰাই আছে।
        অৰ্থ: ওপৰমুৱা হৈ মজিয়াত শুই আছে।
    গ। ভাব: ডাঙৰকৈ মিউজিক বাজিছে আৰু সকলোৱে বগা পোচাক পিন্ধি নাচিছে।
        অৰ্থ: এম্বুলেঞ্চত ভৰাই লৈ যোৱা হৈছে।
    ঘ। ভাব: ঠাণ্ডা ইমান পৰিছে যে ভৰি সিৰ্‌সিৰাই আহিছে।
        অৰ্থ: গিলাচ বুলি ভৰিতে মদ বাকী আছে।
    ঙ। ভাব: দেউতা আৰু দাদাক আজি বৰ হেণ্ডছাম লাগিছে।
        অৰ্থ: ভুলতে আনৰ ঘৰত সোমাইছে।
 [ AssameseJokes.ML ]


৩। গা ধোওঁতে ছাণ্টাই সদাই বাথৰুমৰ দুৱাৰ খন খুলি থয়। কিয় জানেনে ?
কাৰণ, ছাণ্টাৰ বৰ সন্দেহ, গ ধোওঁতে কোনোবাই দৰ্জাৰ ফুতাৰে তাক চাই থাকে বুলি।
 [ AssameseJokes.ML ]


৪। পত্নী : এই ভিক্ষাৰীটোক মোৰ দেখিবলৈ মন নাযায়।
স্বামী: কিয় ?
পত্নী : সেইদিনা মই তাক ভালকৈ খাবলৈ দিলোঁ, পিছদিনা সি মোক 'হাউ টু কুক' নামৰ কিতাপখন প্ৰেজেণ্ট দি থৈ গ'লহি।
 [ AssameseJokes.ML ]


৫। বাণ্টা : যদিহে বজাৰত নীৰবত কিনিবলৈ পোৱ গ'লহেঁতেন !!
     বাণ্টাৰ পত্নী : ৫০০ টকা দিয়া মই গোটেই দিন মনে মনে থাকিম।
 [ AssameseJokes.ML ]


৬। ছাণ্টা : হে প্ৰভু, আৰু এখন বিস্বযুদ্ধ যাতে নহয়।
  ভগবান : কিয় ? তুমি তোমাৰ দেশ আৰু মনুহবোৰ বৰ ভাল পোৱা নেকি ?
  ছাণ্টা : নহয় প্ৰভু, মই হিষ্ট্ৰীত অতি দুৰ্বল, আৰু এখন যুদ্ধ মই কোনোপধ্যেই মনত ৰাখিব নোৱাৰিম।
 [ AssameseJokes.ML ]


৭। বাণ্টাই শ্ৰেণীকোঠাত ছোৱালী এজনীক লাভ ইউ বুলি ক'লে -
ছোৱালী : মই এতিয়াই ছাৰক গৈ কৈ দিম।
বাণ্টা :  ছাৰক নক'বা পাগলী, একো লাভ নাই। ছাৰে বিয়া কেতিয়াবাই কৰালে।
 [ AssameseJokes.ML ]


৮। পাকঘৰত গৈ বৰুৱাই পেক্‌ পেক্‌ কৰি আছিল। ঘৈণীয়েকে হেঁতাখনেৰে এচাট লগাই দিলে আৰু ক'লে - মই আপোনাৰ পেণ্টটো ধুবলৈ ওলাওঁতে পকেটত এখন কাগজ পাইছোঁ। তাত ৰশ্মি নামটো লিখা আছে কিয় ?
বৰুৱা : কালি মই ঘোঁৰা ৰেচ খেলিছিলোঁ আৰু মোৰ ঘোঁৰাটোৰ নাম ৰশ্মি আছিল।
পিছদিনা সোধ-পোচ নাই, আকৌ এচাট পৰিল।
বৰুৱা : আজি আকৌ কি হ'ল?
পত্নী: আপোনাৰ ঘোঁৰাটোৰ ফোন আহিছে।
 [ AssameseJokes.ML ]


৯। পঢ়ি থকা প্ৰায়বোৰ ল'ৰাৰ আটাইতকৈ কমন ডাইল'গটো হ'ল - ''মা কচম বে কাইলেৰ পৰা তামাম পঢ়িম।'' বছৰৰ পাছত বছৰ পাৰ হৈ যায়, কিন্তু সেই ৰহস্যময় দিনটোহে কেতিয়াও আহি নাপায়।
 [ AssameseJokes.ML ]


১০।  ছোৱালী : মোলৈ কিয় চাই আছা, তোমাৰ ঘৰত মা, ভনী নাই নেকি ?
ল'ৰা : আছে,সেইকাৰণেটো চাই আছোঁ।
ছোৱলী : কিয় ?
ল'ৰা : ঘৰত হেনো বোৱাৰী এজনী লাগে।
[ AssameseJokes.ML ]



অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৩ৰ বাবে ইয়াত ক্লিক কৰক
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ২ৰ বাবে ইয়াত ক্লিক কৰক
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ১ৰ বাবে ইয়াত ক্লিক কৰক



অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৪ | AssameseJokes.ML | অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৪ | AssameseJokes.ML | Reviewed by Assamese jokes for smile on August 11, 2018 Rating: 5

No comments:

Powered by Blogger.