অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৫ | AssameseJokes.ML |



১। ছাণ্টাই মাজনিশা ডাক্তৰক ফোন কৰি জগাই ক'লে : ''ডাক্তৰ সোনকালে আহক। মোৰ পত্নীৰ এপেনডিচাইটিচৰ বিষ হৈছে।'' টোপনি ভগাত অতিষ্ঠ হৈ ডাক্তৰে ক'লে : ''কি মূৰ্খামি কৰিছে হে। আপোনাৰ পত্নীৰ যোৱা বছৰ এপেনডিচাইটিচৰ অপাৰেশ্যন কৰা হৈছিল। এগৰাকী মানুহৰ দুটা এপেনডিক্স থাকিব নোৱাৰে।'' ছাণ্টাই উত্তৰ দিলে :''পিছে ডাক্তৰ। এজন মানুহৰ দুজনী পত্নীতো থাকিব পাৰে।
 [ AssameseJokes.ML ]



২। ক'ৰ্টত যোগেন মিছা সাক্ষী দিয়াত পাকৈত। এবাৰ কথা আৰাম্ভ কৰিলে শেষেই নহয়। ডাঙৰ ডাঙৰ কথা। উকীলে এটা কথা সুধিলে দহটা উত্তৰ দিয়ে। তাৰ অদৰকাৰী কথা শুনি চৰকাৰী উকীলে খঙেৰে ক'লে, "সাক্ষী দিবলৈ আহিছা, ইমান দীঘলীয়া উত্তৰ দিয়াৰ দৰকাৰ নাই। তোমাক যি সোধা যায় তাৰ উত্তৰ 'হা' বা 'না' ত দিয়া।
যোগেন : ছাৰ, সকলো প্ৰশ্নৰ উত্তৰ 'হা' বা 'না' ত দিয়া নাযায়।
উকীল : কিয় নাযাব ? তুমি মোক যি কোনো এটা প্ৰশ্ন সুধি চোৱা মই 'হে' বা 'না' ত দি দেখুৱাম।
যোগেন : ঠিক আছে ছাৰ, আপুনি জোৰ কৰিছে যেতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিম। উত্তৰ 'হা' বা 'না' তহে দিয়ে যেন।
উকীল : ঠিক আছে, সোধা।
যোগেন : ছাৰ, আপোনাক যে আগতে পত্নীয়ে সদায় পিটিছিল আজিকালিও পিটে নে ?
 [ AssameseJokes.ML ]


৩। ছাণ্টাৰ পত্নীৰ লগত দুৰ্বাদল কাজিয়া লাগিল। ছাণ্টাই পোন্দোৱাকৈ পত্নীলৈ চাই ক'লে, ''তুমি মোক কুকুৰ বুলি ভাবিছা নেকি ? পত্নীয়ে একো উত্তৰ নিদিয়াত ছাণ্টাই পুনৰ একে কথাকে ক'লে। এইবাৰো পত্নীয়ে একো উত্তৰ নিদিলে। পুনৰ ছাণ্টাই একে কথাকে ক'লত এইবাৰ পত্নীয়ে ক'লে, ''তুমি ভুকিবলৈ বন্ধ কৰিবানে !''


৪। ছাণ্টা ৰে'লৰ চিৰিত শুই আছিল আৰু কাষতে তন্দুৰি চিকেন এটা থৈ দিয়া আছিল। বান্টা আহি সুধিলে, '' ছান্টা ভাই কি কৰিব খুজিছ ?'' ছান্টাই উত্তৰ দিলে, ''মই আত্মহত্যা কৰিবলৈ ওলাইছোঁ।
বান্টা : কিন্তু পানীৰ বটল আৰু তন্দুৰি কিয় আনিছ ?
ছান্টাই গহিনাই উত্তৰ দিলে, ''ৰে'ল যিহে লে'ট হয়, ৰৈ ৰৈ ভোক-পিয়াহতে মৰি যাব লাগিব।


৫। ছান্টাই ৰেডিঅ' ষ্টেচনলৈ ফোন কৰি সুধিলে, '' এয়া ষ্টেচন হয় নে ?''
ডিজে : হয় কওক।
ছান্টা : মোৰ মাত গোটেই নগৰখনে শুনি আছে নেকি ?
ডিজে : হয়, আপোনি লাইভত আছে।
ছান্টা : তেন্তে মোৰ ঘৰত ৰেডিঅ' শুনি থকা মোৰ পত্নীয়েও শুনি আছে ?
ডিজে : হয়, তেঁৱো শুনি আছে।
ছান্টা : গুলাবো জান। লৰালৰিকৈ পানীৰ মটৰটো চলাই দিয়া। মই ওপৰ মহলৰ বাথৰূমত আছোঁ আৰু পানী শেষ হৈ গ'ল।


৬। যুৱক এজনে এয়াৰপ'ৰ্টত চিগাৰেট খাই আছে।
যুৱতী : দিনটোত কিমান চিগাৰেট খোৱা ? 
যুৱক : ৪০/৫০ টা।
যুৱতী : এতিয়ালৈকে জীৱনত চিগাৰেটৰ লগত যিমান পইচা খৰচ কৰিলা সেয়া সাঁচিব পাৰিলাহেঁতেন তেনেহ'লে আজি সন্মুখৰ এই বি এম ডব্লিউ গাড়িখন তোমাৰ হ'লহেঁতেন।
যুৱক : তুমি চিগাৰেট খোৱা নেকি ?
যুৱতী : নাখাওঁ।
যুৱক : তেতিয়াহ'লে সেই বি এম ডব্লিউ গাড়িখন তোমাৰ নেকি ?
যুৱতী : নহয়।
যুৱক : তোমাৰ বিনামূলীয়া পৰামৰ্শৰ বাবে ধন্যবাদ। কিন্তু জনাই থওঁ, সেই বি এম ডব্লিউ গাড়ীখন মোৰ।

নীতি শিক্ষা : বেছি ভাষণ দিলে কেতিয়াবা অপমানিত হ'ব লগা হ'ব পাৰে।


৭। প্ৰেমিকা : যেতিয়া তোমাৰ মোলৈ মনত পৰে তেতিয়া তুমি কি কৰা ?
প্ৰেমিক : মই তোমাৰ ফেভ্‌ৰেট চকলেট খাই তোমাৰ কথা মনত পেলাওঁ। আৰু তুমি ? 
প্ৰেমিকা : ময়ো তোমাৰ নিচিনা, তিনিটা চিগাৰেট, এক পেকেট ৰজনীগন্ধা আৰু এটা পেগ লৈ তোমাৰ কথা ভাবোঁ।


৮। প্ৰেমিকাই চিঠি লিখিলে - মই বৰ্তমান আন কোনোবা এজনৰ প্ৰেমত পৰিছোঁ, তেওঁকেই বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছোঁ। তোমাক ক'বলৈ ভাল লগা নাই, প্লিজ তুমি বেয়া নাপাবা। তোমাৰ ওচৰত থকা মোৰ ফটোখন ঘূৰাই দিয়া।
       প্ৰেমিকে তাৰ সকলো বন্ধুৰ গাৰ্লফ্ৰেণ্ডৰ ৩০ খন ফটো গোটালে আৰু তাৰ সৈতে নিজৰ প্ৰেমিকাৰ ফটোখন দি গোটেইখিনি ফটো প্ৰেমিকালৈ পঠাই চিঠি লেখিলে, ''লৈ লোৱা, সকলো পঠাঁই দিছোঁ, মৈ তোমাৰ চেহেৰাটো পাহৰি গ'লো, সেয়ে নিজে বিচাৰি ল'বা।''


৯। কৰ্মচাৰী : ছাৰ ৫ দিনৰ ছুটী দিয়ক।
  বছ : কিয়? তুমি দেখোন অলপতে ১০ দিনৰ ছুটী লৈছিলা ?
কৰ্মছাৰী : ছাৰ মোৰ বিয়া।
  বছ : বিয়া, ভাল কথা। কিন্তু ১০ দিনৰ ছুটী লওঁতেই বিয়া পাতি নল'লা কিয় ?
  কৰ্মচাৰী : ছাৰ, মোৰ সেই ধুনীয়া ছুটীৰ দিন কেইটা বিয়া পাতি নষ্ট কৰিবলৈ মৈ মূৰ্খ নেকি ?


১০। বিচাৰক : শোৱা কোঠাত স্বামীক হত্যা কৰাৰ ৰাতি আপোনাৰ স্বামীয়ে শেষ কি কথা কৈছিল ?
স্ত্ৰী : মোৰ চশমা ক'ত ৰ'জি ?
বিচাৰক : কেৱল এই কথা কোৱাৰ বাবেই আপুনি আপোনাৰ স্বামীক হত্যা কৰিলে ?
স্ত্ৰী : মোৰ নাম অপৰ্ণা।
 [ AssameseJokes.ML ]


অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৪ৰ বাবে ইয়াত ক্লিক কৰক।
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৩ৰ বাবে ইয়াত ক্লিক কৰক
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ২ৰ বাবে ইয়াত ক্লিক কৰক
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ১ৰ বাবে ইয়াত ক্লিক কৰক



অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৫ | AssameseJokes.ML | অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৫ | AssameseJokes.ML | Reviewed by Assamese jokes for smile on November 24, 2018 Rating: 5

No comments:

Powered by Blogger.