অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৬ | AssameseJokes.ML |





১। শিক্ষক : নগেন তুমি কলেজলৈ কিয় আহাঁ ?
নগেন : বিদ্যাৰ কাৰণে ছাৰ।
শিক্ষক : তেন্তে তুমি আজি কিয় শুই আছা ?
নগেন : আজি বিদ্যা অহা নাই যে ছাৰ ।

 [ AssameseJokes.ML ]


২। এজন মদাহী শুই শুই গান এটা গাই আছিল। দুটামান গান গোৱাৰ পিছত ওলোটাকৈ শুই গান গাব ধৰিলে।
দ্বিতীয় মদাহী : আৰে, ওলোটাকৈ শুই কিয় গাব ধৰিলি ?
মদাহী : প্ৰথমতে A ছাইড আছিল, এতিয়া B ছাইড।

 [ AssameseJokes.ML ]


৩। বিয়াত ডিজে জনে সুধিলে : কেতিয়ালৈকে বজাব লাগিব ?
দৰা : লগৰবোৰলৈ ইংগিত কৰি) ৮-১০ পেগ মানলৈ বজোৱা, তাৰ পাছততো ইহঁতে জেনেৰেটৰৰ শব্দতো নচা আৰম্ভ কৰি দিব।

 [ AssameseJokes.ML ]


৪। ডাক্তৰ : আপোনাৰ তিনিটা দাঁত কেনেকৈ ভাঙিল ?
ৰোগী : পত্নীয়ে টান ৰুটি বনাইছিল।
ডাক্তৰ : তেন্তে নাখাওঁ বুলি ক'ব লাগিছিল।
ৰোগী : তাকেইটো কৰিছিলোঁ ডাক্তৰ চাহাব....।

 [ AssameseJokes.ML ]


৫। বাৰাণ্ডাত বহি নগেনে বাতৰি কাকত পঢ়ি আছিল, ঘৈণীয়েকে চাহ লৈ আহিল আৰু ক’লেঃ হেৰি চাহ খাওক আৰু এইখন লওক বজাৰৰ লিষ্ট। ইমান পৰে নগেনে চশমাযোৰ খুলি থৈ বাতৰি পঢ়ি আছিল, ঘৈণীয়েকে ওচৰলৈ অহাত চশমাযোৰ পিন্ধি ল’লে আৰু ক’লেঃ দিয়া। আকৌ ঘৈণীয়েক যোৱাৰ পাছত চশমাযোৰ খুলি থ’লে।
অলপ পিছত আকৌ ফৰমাইচ লৈ ঘৈণীয়েক ওচৰলৈ আহিল। তেওঁক অহা দেখা পাই নগেনে চশমাযোৰ আকৌ পিন্ধি ল'লে আৰু যোৱাৰ পিছত খুলি থ'লে। কথাটো ঘৈণীয়েকে মন কৰিলে যে তেওঁ আহিলে নগেনে চশমাযোৰ পিন্ধে আৰু যোৱাৰ পিছত খুলি থয়। ঘৈণীয়েকে সুধিয়ে পেলালে: হেৰি আপুনিচোন তেতিয়াৰ পৰা মই ওচৰত আহিলে চশমাযোৰ পিন্ধে আৰু মই গ'লে খুলি থৈ দিয়ে, কথাটো কি ?
নগেনৰ উত্তৰ : কিয়, ডাক্তৰে কৈছিল নহয় মূৰৰ বিষটো আহিলে চশমাযোৰ পিন্ধি ল'বা।

 [ AssameseJokes.ML ]


৬। ঘৰ এটাৰ সন্মুখত এখন ডাঙৰ প'ষ্টাৰ লগোৱা আছে - "পত্নীক আধাঘণ্টাৰ ভিতৰতে বশীকৰণ কৰিব পৰা তাবিজ উপলব্ধ। মূল্য মাত্ৰ ২১১ টকা !!! কাম নকৰিলে মূল্য ঘূৰাই দিয়া হ'ব।"
  ঘৰটোৰ বাহিৰত যথেষ্ট দীঘল শাৰী। তাৰে মাজৰ কেইজনমান ব্যক্তিৰ কথোপকথন -
  অফিচলৈ যাওঁতেই শাৰীটো দেখি ৰৈ দিলোঁ। প'ষ্টাৰখন দেখি লাইনত ৰৈয়েই দিলোঁ। অফিচলৈ নাযাওঁৱেই আজি। বহুত অশান্তিত আছোঁ। তাবিজটো লৈহে যাম। আপোনি পিছে কেনেকৈ গম পালে?
 ২য় ব্যক্তি : ৰাতিপুৱাই মোৰ বন্ধু এজনে ফ'ন কৰি খবৰটো দিলে। সকলো কাম বাদ, চিধাই গুচি আহিলোঁ। যেনেতেনে মোক তাবিজ এটা লাগে বুজিছেনে ?
 ২য় জন ব্যক্তিলৈ চাই প্ৰথমজনে সুধিলে : আপোনি ক'ৰ পৰা আহিছে আৰু খবৰটো কেনেকৈ পালে ?
 প্ৰথম ব্যক্তি : মোৰ নাম বিমল দাস। ময়েই এই ঘৰটোৰ মালিক। মই নথকাত প'ষ্টাৰখন মনে মনে কোনে লগালে সেইটোকেই ভাবি পোৱা নাই ! আৰু লাইনৰ আগত থকা মানুহ্বোৰে মোক যাবলৈও নিদিয়ে। আগবাঢ়ি গ'লেই গতিয়াই পিছলৈ পঠাই দিয়ে।
 হে' হৰি !!!
 বিমল দাৰ ৰংচোৱাজন কোন হ'ব পাৰে বাৰু ?

 [ AssameseJokes.ML ]


৭। এটা পাগল ৰাস্তাত শুই আছিল। ট্ৰাক ড্ৰাইভাৰ এজনে ট্ৰাকখন ৰখাই অনবৰতে হৰ্ন বজাই আছে, তথাপি পাগলটো উঠা নাই। অৱশেষত ড্ৰাইভাৰজনে নামি ক'লে, "অই পাগল, ৰাস্তাৰ পৰা উঠি নগ'লে তোৰ ওপৰেৰে ট্ৰাক চলাই নিম।"
পাগল (হাঁহি হাঁহি): অলপ আগতে মোৰ ওপৰেৰে প্লেন এখনো গ'ল, তাতেই একো নহ'ল আৰু ট্ৰাকখনেৰে কি হ'ৱ? নুঠোঁ যা ।

 [ AssameseJokes.ML ]


৮। এখন ৰে'লৰ এটা দবাত গৈ থকা তিনিগৰাকী মহিলাৰ কথোপকথন -
১ম মহিলা: মোৰ বয়স বেছি হোৱা নাই নহয়। ২২ বছৰ পাৰ হৈ এই জাষ্ট ২৩ বছৰত সোমাইছোঁহে।
২য় মহিলা: মোৰতো আপোনাতকৈও কম। মই ২১ পাৰ কৰিছোঁহে । 
৩য় মহিলা: মোৰতো তেনেহ'লে বয়স নাই হোৱা বুলিয়েই ক'ব পাৰি। এই ২০ বছৰত ভৰি দিছোঁহে।
  ওপৰৰ বাৰ্থটোতে শুই আছিল এজন বৃদ্ধ। মহিলাকেইগৰাকীৰ কথাৰ তাণ্ডবত থাকিব নোৱাৰি বুঢ়াই ওপৰৰ পৰা জাঁপ মাৰি মহিলাকেইগৰাকীৰ মাজতে পৰি দিলে। মহিলাকেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত বৃদ্ধই লাহেকৈ মাত লগালে: ভয় নকৰিবা আইটিহঁত। মই এই মাত্ৰ জন্ম হৈছোঁহে।

 [ AssameseJokes.ML ]


অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৫ৰ বাবে ইয়াত ক্লিক কৰক।
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৪ৰ বাবে ইয়াত ক্লিক কৰক।
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৩ৰ বাবে ইয়াত ক্লিক কৰক
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ২ৰ বাবে ইয়াত ক্লিক কৰক
অসমীয়া কৌতুক (Assamese jokes) খণ্ড ১ৰ বাবে ইয়াত ক্লিক কৰক


অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৬ | AssameseJokes.ML | অসমীয়া কৌতুক (Assamese jokes) খণ্ড ৬ | AssameseJokes.ML | Reviewed by Assamese jokes for smile on May 11, 2019 Rating: 5

No comments:

Powered by Blogger.